Natural Farming ( প্ৰাকৃতিক কৃষি )


প্ৰাকৃতিক কৃষি হৈছে পৰম্পৰাগত ভাৱে তথা থলুৱা ভাৱে কৰা ৰাসায়নিক দ্ৰব্য মুক্ত কৃষি পদ্ধতি। ই কৃষি পৰিস্থিতি আধাৰিত বৈচিত্ৰ্যময় কৃষি প্ৰণালী যি শস্য, গছ - গছনি আৰু পশুধনক থলুৱা জৈৱ বৈচিত্ৰৰ সৈতে একত্ৰিত কৰে। প্ৰাকৃতিক কৃষিক অন্য নাম যেনে শূণ্য বাজেট প্ৰাকৃতিক কৃষি, গো ভিত্তিক প্ৰাকৃতিক কৃষি, শাশ্বত খেতি আদিৰে জনা যায়। প্ৰাকৃতিক কৃষি পদ্ধতিক 'ফুকুওকা পদ্ধতি ' বুলিও জনা যায়, যাৰ অৰ্থ হৈছে প্ৰাকৃতিক ভাৱে কৰা কৃষি পদ্ধতি বা একো নকৰাকৈ কৰা কৃষি পদ্ধতি। অৰ্থাৎ কোনোধৰণৰ কৃত্ৰিম ভাবে প্ৰস্তুত কৰা সামগ্ৰী ব্যৱহাৰ নোহোৱাকৈ কৰা কৃষি। প্ৰাকৃতিক কৃষি পদ্ধতি জাপানিজ বৈজ্ঞানিক মাচানবো ফুকোওকা (১৯১৩-২০০৮) ই বিকাশ কৰিছিল, যিয়ে বৰ্তমান চলি থকা কৃষি ভিত্তিক ব্যৱসায় আৰু পদ্ধতিৰ সম্পূৰ্ণ বিৰোধিতা কৰিছিল।

X

Photo Gallery